top of page
  • Facebook
  • X

About The Author

reading.jpg

জন্ম কহিমাত। পিতা ৰাধানাথ বৰুৱা প্ৰথমজন অসমীয়া, যি টেলিগ্রাফৰ প্ৰশিক্ষণ ল'বৰ বাবে অসমৰ বাহিৰলৈ গৈছিল আৰু আগ্রা, কলিকতা আদি ঠাইত কাৰ্যনিৰ্বাহ কৰিছিল। কলিকতাত থকা সময়চোৱাতে অসমৰ পৰা যোৱা বিচিত্ৰনাৰায়ণ দত্তবৰুৱাক ছপাশাল কিনি দিয়া কামত আগভাগ লৈছিল। কহিমাত অসমৰ এজন স্বনামধন্য সাহিত্যিক, উপায়ুক্ত সত্যেন বৰকটকীৰ সহযোগত জৱাহৰলাল নেহৰুক বিদ্রোহী নগাৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিছিল। মাতৃ হৰিপ্ৰিয়া বৰুৱানী সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱাৰ আজু নাতিনী আৰু ধ্বনিকবি বিনন্দ চন্দ্ৰ বৰুৱাৰ ভনীয়েক। তেখেতে তাঁতৰ শালত বোৱা প্ৰথমখন হাঁচটি সম্বলপুৰত থকা বেজবৰুৱালৈ পাৰ্চেল কৰি পঠাই দিছিল। বেজবৰুৱায়ো লগে লগে এখন চিঠি লিখি নাতিনীক 'হাঁচটি আইটি' নাম দি খুব ভাল শিপিনি হোৱাৰ ভৱিষ্যতবাণী কৰিছিল। ১৯৩৪ চনত যোৰহাটলৈ আহোতে মহাত্মা গান্ধীয়ে 'লক্ষ্মী বেটী' বুলি কৈ আশীর্বাদ দিছিল। মামনি ৰয়চমৰ মাকৰ লগত মাত্ৰ এদিন শিৱসাগৰৰ এখন পঢ়াশালীলৈ যোৱা হৰিপ্ৰিয়া বৰুৱানীয়ে ঘৰতে পঢ়াশুনা কৰি সুন্দৰকৈ অসমীয়া ইংৰাজী শিকি সুলেখিকা হিচাপে নিজকে প্রতিষ্ঠা কৰে। 'সুখ দুখৰ কত কথা' বহু তথ্যসম্বলিত, আত্মজীৱনীমূলক কিতাপ। আন এখন কিতাপ হৈছে 'নাম'। যোৰহাটৰ নামজ্বলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি থকা অৱস্থাতে বিকাশ বৰুৱাই লিখা আৰম্ভ কৰে। ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত পঢ়িবলৈ গৈ কম সময়তে এজন লেখক হিচাপে প্রতিষ্ঠিত হয় আৰু প্ৰচুৰ জনপ্রিয়তা অর্জন কৰে।

সদৌ সাতভনী আন্তঃমহাবিদ্যালয় প্রতিযোগিতাত ব্যংগ সাহিত্য আৰু আবৃতিত প্ৰথম স্থান অধিকাৰ কৰি অধিক নামজ্বলা হয়। 'এস্কল' আলোচনীত তেওঁৰ লেখনি সততেই দৃশ্যমান হৈ থাকে। ডাক্তৰী পাছ কৰি ওলাই অহাৰ পাচত সেই সময়ৰ সকলোবোৰ অসমীয়া বাতৰিকাকত আৰু আলোচনীতে তেওঁৰ লেখনি নিয়মিত ৰূপে প্রকাশ পাবলৈ ধৰে। বাতৰিকাকতৰ দেওবৰীয়া বিশেষ চ'ৰাটো তেওঁৰেই সৃষ্টি। 'মৌচাক' শিশু আলোচনীখনৰ জৰিয়তে সমগ্ৰ অসমৰ কণ কণ ল'ৰা- ছোৱালীৰ মাজত তেওঁ যি ধৰণৰ জনপ্রিয়তা লাভ কৰে সেয়া অভূতপূর্ব। শিশুহঁতক 'মৌমাখি' নাম দিয়ে। সিহঁতৰ বাবে তেওঁ হ'ল অতি হেঁপাহৰ, মৰমৰ 'বিকাশ মামা'। নিয়মীয়া শিতানৰ লগতে মৌমাখিহঁতৰ অজস্ৰ চিঠি-পত্ৰৰো উত্তৰ দিব লগা হৈছিল। ড. ভবেন্দ্ৰনাথ শইকীয়াৰ সম্পাদনাত প্রকাশ পোৱা 'প্রান্তিক' আলোচনীত তেওঁৰ পদার্পণ প্ৰথমটো বছৰতেই। পোনপ্ৰথমে দৈনন্দিন শিতানতে লিখি আছিল যদিও তেওঁক এটা নিজস্ব শিতান দিয়া হয়- 'ৰঞ্জন'। পাচলৈ 'ৰসালাপ'। এটা অতি জনপ্রিয় শিতান। অসমীয়া ব্যংগ সাহিত্যক এইটো শিতানে উচ্চতম শিখৰলৈ লৈ যায়। প্রদীপ বৰুৱাৰ আত্মজীৱনীমূলক গ্রন্থ 'স্বগতোক্তি'ত বিকাশ বৰুৱাৰ বিষয়ে বিশেষভাবে উল্লেখ কৰা হৈছে। 'চেন্টিনেল' গোষ্ঠীৰ ৰাধিকামোহন ভাগৱতী আৰু ধীৰেন্দ্ৰনাথ বেজবৰুৱাৰ দ্বৈত সম্পাদনাত বিদেশত থকা অসমীয়াসকলৰ বাবে হ'ম লিংক নামৰ যিখন বাতৰিকাকত আৰম্ভ কৰা হ'ল তাত বছা বছা কেইগৰাকীমান ব্যক্তিৰ সতে ব্যংগ শিতানত একমাত্র বিকাশ বৰুৱাইহে স্থান লাভ কৰাটো গুৰুত্বপূৰ্ণ বিষয়। বিদেশত পাঠকৰ মতামত বিচাৰোতে সকলোৱে তেওঁৰেই নাম লয়। শিতানটোৰ নাম 'তৃতীয় মত'। 'সাদিন'ৰ শেষ পৃষ্ঠাটো যেন তেওঁৰ বাবে বিশেষভাবেহে সংৰক্ষিত কৰি থোৱা হয়। নোকোৱা কথা নিদিয়া খবৰ, লঘুগুৰু, বদহজম, ৰঞ্জন, ৰসালাপ, বেফিকিৰ চিন্তা, নলগা জেঙা, ইটো সিটো বহুতো, অসমীয়া প্রতিদিন কাকতৰ সম্পাদকীয় পৃষ্টাত ভদ্ৰ বৰাৰ 'তৌবা তৌবা'ৰ কাষতে নিয়মীয়াকৈ প্রকাশ পোৱা 'ওভোতা কলম' আদি শিতানবোৰৰ জনপ্রিয়তা অতিকৈ ঈর্ষণীয়। 'আমাৰ অসম'ত ঘাইকৈ ছিৰিয়াচ প্ৰৱন্ধ আৰু দেওবৰীয়া সম্পাদকীয়হে লিখে যদিও কবিতা, গীত, ব্যংগৰ চর্চ্চাও পূৰাদমেই চলি থাকে। দৈনিক অসম, আজিৰ অসম, নিয়মীয়া বার্তা, খবৰ, এদিন, অসম বাণী, আইনা, গৰীয়সী, যাত্রিক, উন্মীলন, মায়া, ৰংঘৰ, ত্রিশূল আদি অসমৰ প্ৰায় প্ৰতিখন কাকত-আলোচনী, আৰু স্মৃতিগ্ৰন্থত তেওঁৰ লেখনি নিয়মীয়াকৈ প্রকাশ পায়। নৱবৰ্ষ, বিহু, পূজা আদিৰ উপলক্ষ্যে বিশেষ তাগিদাত প্রথম পৃষ্ঠাৰ বাবে সদায়ে লিখি আহিছে। প্রায় আটাইবোৰ কাকত-আলোচনীতে লিখি থকা একমাত্র লেখক। লুইতৰ পৰা মিছিছিপি, এশ বছৰৰ অসমীয়া সাহিত্য, দুশ বছৰীয়া যোৰহাট.. এই সকলোবোৰতে বিকাশ বৰুৱাৰ নাম জিলিকি আছে। 'ধুমুহা' আলোচনী আৰু জিমখানা ক্লাবৰ ডেড়শ বছৰীয়া বিশেষ স্মৃতিগ্ৰন্থৰ সম্পাদক। 'জনসাধাৰণ' কাকতৰ দেওবৰীয়া পৰিপূৰিকা 'ইত্যাদি'ত সোঁমাজৰ দুটা মুখামুখি ৰঙীণ পৃষ্ঠাৰে তেওঁক যি বিশেষ মর্যাদা প্রদান কৰা হ'ল, সেয়া অভূতপূর্ব। আহল-বহলকৈ, বৃহৎ কার্টুনেৰে সৈতে ছপা হোৱা বিকাশ বৰুৱাৰ গল্প সংবাদ জগতত প্ৰথম আৰু একমাত্ৰ। আন লেখকৰ ক্ষেত্ৰত তেনে ধৰণৰ সজ্জা এতিয়ালৈকে চকুত পৰা নাই। ঐতিহাসিক প্ৰৱন্ধ 'শেষ বুলেটটোৰে মোক হত্যা কৰক' সৰ্বকালৰ অন্যতম শ্রেষ্ঠ প্ৰৱন্ধ। ইয়াৰ ফটোষ্টেট কপি দেশে-বিদেশে ঘৰে ঘৰে বিয়পি পৰিল। ৱাছিংটনত থকা বিশ্ববেংকৰ জেৰক্স মেচিনত প্রখ্যাত অর্থনীতিবিদ জীতেন্দ্রগোপাল বৰপূজাৰীয়ে নিজহাতে এশটা কপি উলিয়াই আমেৰিকাত বিলাই দিলে। অনা-অসমীয়া মানুহেও পঢ়ি অভিভূত হ'ল। তেওঁৰ লেখনিৰ অনুবাদ অন্য ভাষাৰ মানুহক শুনোৱাটো হেমেন বৰুৱা, ভূপেন হাজৰিকা আদিৰ বাবে অভ্যাসত পৰিণত হৈ পৰিল। আমেৰিকাত ড. দিলীপ দত্তই নিতৌ 'এক অধ্যায়কৈ' পঢ়ি বিকাশ বৰুৱাৰ কিতাপ গাৰুৰ তলত থৈ দিয়ে। সাহিত্য অকাডেমিয়ে বিকাশ বৰুৱাক লৈ গড়গাওঁ মহাবিদ্যালয়ত বিশেষ সাহিত্য চ'ৰাৰ আয়োজন কৰে। আজুককা লক্ষীনাথ বেজবৰুৱাৰ দৰেই বিকাশ বৰুৱাই কেৱল ব্যংগ সাহিত্যতে নিজক আৱদ্ধ কৰি নাৰাখি সাহিত্যৰ বাকীবোৰ বিভাগো সমানেই চর্চ্চা কৰি আহিছে। ধাৰাম, ধিচুম, অন্ধৰজাৰ বন্ধপ্রদেশ, গাধাৰশিলা, ঠেংচুই, ৰৱ, ধুপুচ, যি ক'ম মিছা ক'ম, শালমইনা টু থাউজেণ্ড, চটপ, ধমক, ঔ, ৰজাৰ দৰে, নমৰিবি ৰ, ধমক পাকৰ, শ্ৰীমতী কিংকং আদি অতি জনপ্রিয় আৰু বিখ্যাত ব্যংগ সংকলন সমূহৰ উপৰিও অনুপম শিশু সাহিত্যকে আদি কৰি সমাজ, ৰাজনীতি, মানৱতা, সংগীত, শিল্প, চিনেমা, খেলাধুলাক লৈ তত্বগধুৰ অথচ সৰল ভাষাত অগণন প্ৰৱন্ধৰ সংকলন 'শেষ বুলেট', ভ্রমণ কাহিনী লাষ্ট ষ্টপেজ চাণ্টামনিকা, আফ্রিকা দর্শন, নীল নদীৰ আশে পাশে, বিশ্ব দর্শন, গীত আৰু কবিতাৰ পুথি 'এয়া মোৰ আইৰ হৃদয়', অসমীয়া গ্রন্থজগতত ঐতিহাসিক দলিলস্বৰূপ আৰু বহুমূল্যৱান বিশাল আকাৰৰ স্বাস্থ্য আৰু চিকিৎসা অভিধান, ড্রাগন্থ, ষ্ট্র'ক এণ্ড ৰিহেবিলিটেছন আদি সকলোবোৰ গ্ৰন্থই অতিকৈ সমাদৃত। কিছুমান কিতাপ বিদেশতো অসমীয়া পৰিয়ালৰ ঘৰে ঘৰে। সমস্ত লেখনি আৰু সকলোবোৰ কিতাপৰ ছপাকাম, বেটুপাত আদি নিজে কৰে। অভিধানখনৰ বাবে দুটামান জটিল যুক্তাক্ষৰ নিজেই কম্পিউটাৰত তৈয়াৰ কৰি লৈছে। বন্ধপ্রদেশ, মহাদানৱ, ব্ৰহ্মাণ্ডবিখ্যাত, বিহুমোদী, পূজামোদী, পত্নীতুল্য, দন্তবিস্ফোৰক, অসূৰ্য্যডুবাদ্বীপেশ্বৰী (সূৰ্য্য ডুব নোযোৱা দ্বীপৰ ৰাণী), হৃদশিলা, মেৰুখণ্ড, ঘর্মগ্রন্থি, ৰক্তাশয় আদি বহুতো শুৱলা, অৰ্থৱহ শব্দ তেওঁৰ নিজা সৃষ্টি। 'এবিবিএচ'ৰ অন্তৰ্গত 'বিএচ' অংশৰ প্ৰকৃত অৰ্থ অভিধানখনত লিপিবদ্ধ হৈছে। অসংখ্য নাটকৰ ভিতৰত তৰিলে দেশ মৰিলে স্বৰ্গ, নগৰত জগৰ, পটেট'ৰ বিলৈ, শালমইনা টু থাউজেণ্ড, ইয়াতেই সৰগ, মহাপ্রলয়, ঝেং, মেডিকেলৰ লাঠি, নমৰিবি ৰ.. আদি অগণন নাটক মঞ্চ, টিভি, ৰেডিঅ', চিডি অথবা কেছেটত উপলব্ধ। তেওঁৰ গীতত কণ্ঠদান কৰোতাসকলৰ ভিতৰত মুম্বাইৰ চান, অসমৰ অনুপম শইকীয়া, জেবিন চুলতান, জয়ন্ত নাথ, জেপি দত্ত, কামাল ৰছিদ আদি অন্যতম। মুম্বাইত ৰফী আৰু আশা ভোছলেই একোখনকৈ লং প্লেয়িং ৰেকৰ্ড আৰু লতা মংগেছকাৰে অট'গ্রাফ উপহাৰ দিয়াটো অন্যতম উল্লেখনীয় বিষয়। নেলচন মেণ্ডেলা, বিল ক্লিন্টন, মাইকেল জেকচন, তৰুণ ভাদুড়ী, আৰ কে লক্ষ্মণ, দিলীপ কুমাৰ, ৰাজকাপুৰ, দেৱানন্দ, শংকৰ, জয়কিষণ, অ' পি নায়াৰ, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী আদিৰ দৰে অসংখ্য স্বনামধন্য ব্যক্তিক লগ পোৱা বোধকৰো একমাত্র অসমীয়া। অতুলনীয় ব্যক্তিত্ব আৰু বিবিধ প্ৰতিভাৰ সমাহাৰেৰে এজন অনন্য ব্যক্তি। ইংৰাজীত কোৱা হয় ৱান এণ্ড অ'ক্লিন। এদিন জিলা পুথিভঁৰালৰ সাংস্কৃতিক অনুষ্ঠানত এজনে আনজনক সুধিছিল - 'বিকাশ বৰুৱা কোনজন? দেখুৱাই দিবচোন।' সিজনৰ উত্তৰঃ 'সোমাই অহাৰ লগে লগে নিজেই গম পাই যাব..।' অনবৰতেই কিবা এটা সৃষ্টিৰ তাগিদা.. হাতুৰী, দা, কোৰ, কৰণী, ৰং, ব্ৰাছ, শিল, ইটা, চিমেন্ট, কাঠ, গজাল, বিধে বিধে হাথিয়াৰ, ড্রিলিং মেচিন, কাঠ কটা মেচিন, লেভেল ইণ্ডিকেটৰ..। কম্পিউটাৰতো পাৰ্গত। লেপটপ, ডেস্কটপ, আইপেড, পে'জমেকাৰ, ফট'শ্বপ, মুভি মেকাৰ, অডাচিটি..। ইণ্টাৰনেট, ইউ টিউব, চেটেলাইট মেপ, ভূগোল, বুৰঞ্জী, এক্সপেডিয়া, ট্রেভেল এক্সপি, বর্ল্ড ফ্রম এব'ভ, ডিস্ক'ভাৰি, নেছনেল জিঅ'গ্ৰাফি..। কেমেৰা, চাইবাৰশ্বট, হেণ্ডিকেম.. চখ আৰু কামৰ অন্ত নাই। অতি আন্তৰিকতাৰে গছ-বন, জীৱ-জন্তুৰ যত্ন লয়। জীয়া ভৰলীৰ পৰা বিচিত্ৰ শিল আনি চোতালত সজায়। কাজিৰঙাৰ পৰা আনি কাছ পোহে। অতি কষ্টৰে হাঁহৰ পোৱালী ডাঙৰ কৰে। কম খায়, কম শোৱে, পুৱাতে উঠি কামত ধৰে। ৰাজহুৱা কামত সন্মুখৰ পৰা নেতৃত্ব দিয়ে। যিকোনো আড্ডা মুহুৰ্ততে ৰসাল কৰি তোলে। গান গায়, অভিনয় কৰে, ছবি আঁকে, গীত লিখে, ফটো তোলে, অপূর্ব সুন্দৰ কলাজ বনায়, মুভি বনায়, সমগ্ৰ বিশ্বৰ সংগীত সংগ্ৰহ কৰি নিজেতো শুনেই আনকো শুনায়...

(ৰবীন গোস্বামী। 'অসমীয়া সাহিত্যত বিকাশ বৰুৱা আৰু ব্যংগ' শীর্ষক কিতাপখনৰ বাবে প্ৰস্তুত কৰা)

me 1.jpg
amcol 1.jpg
IMG_7923.jpg
IMG_7922.jpg
me 2.jpg
amcol 2.jpg
college.jpg
IMG_7931.jpg
amcol 3.jpg
IMG_7932.jpg
me 3.jpg
amcol 4.jpg
durgeswar.jpg
amcol 5.jpg
11 dukan.jpg
amcol 6.jpg
1e0fc581-8cad-4371-8afa-7588a2ea18f9.jpg
11 art.jpg
IMG_E7523.JPG
aaramat BB edit.jpg
gargaao satire.jpg
vaat.jpg
lakhyadhar.jpg
IMG_5739.jpg
IMG_4162_Original (1).jpg
IMG_7485.JPG
11 maa me.jpg
11 TT play.jpg
amcol 7.jpg
111 me angle.jpg
amcol 8.jpg
11portu.jpg
amcol 9.jpg
11 me sea.jpg
IMG_7491.JPG
11 newyork.jpg
me nb mike.jpg
IMG_7492.JPG
11 dibru.jpg
amcol 10.jpg
11 hotelviv.jpg
las we 2.jpg
amcol 12.jpg
IMG_3384.PNG
me tupee.jpg
IMG_7493.JPG
11 sea me.jpg
11 rosy me.jpg
IMG_7504.JPG
1 rhino.jpg
11 me gaari.jpg
FANINDRA.jpg
11 caezar.jpg
11 stone.jpg
11 uzan.jpg
196aaefb-7aa5-42b1-bd1b-deb10032282d.jpg
IMG_7511.JPG
BBB.jpg
baali 1.JPG
breaking news.JPG
00121.jpg
duvari.JPG
airport.jpg
20400a95-6a1e-4bb1-9916-016628d404b9.jpg
001.jpg
IMG_2222.jpg
bbputal.jpg
hemendaa's place.jpg
IMG_7483.JPG
3n1.JPG
2n1.JPG
advantage aasam.JPG
bikaas.jpg
com 7.PNG
me group1.jpg
com 3.jpg
me group 2.jpg
com 2.jpg
TT.jpg
com 4.jpg
IMG_0164.JPG
com 10.jpg
11 me red.jpg
com 9.jpg
istam.jpg
dilip.jpg
cow and I.jpg
comm 1.jpg
me aainaa.jpg
comment1.jpg
foto.JPG
goss.JPG
IMG_6674.jpg
IMG_7487.JPG
IMG_E5856.JPG
bisurti.JPG
com 11.jpg
com 12.jpg
com 13.jpg
IMG_3662_Original.jpg
gospuli.JPG
IMG_E7522.JPG
kaji.jpg
kiba lagi.JPG
mukhyamantri.jpg
mekuri.JPG
sithi.JPG
IMG_E7806.JPG
text 1.jpg
IMG_E7815.JPG
text 2.jpg
me group1.jpg
trump.JPG
foto me.jpg
trakat.JPG
11 JG.jpg
xarbuttam upahar.JPG
bike.jpg
xayananada.JPG
0d896aaf-11c1-4b47-a24c-52e35e5a3547.jpg
IMG_0636.JPG
car 3.jpg
783dccf7-28e7-42be-8aab-8fea4241189e.jpg
c5fbc12a-bc32-48b5-b395-d004cc53b84e.jpg
IMG_0964 (3).JPG
20180520_133027.jpg
9a908407-71a0-41d9-ba74-8b5d58252345.jpg
IMG_0138.JPG
IMG_20180517_221230.jpg
IMG-20180525-WA0002.jpg
IMG_0132.JPG
IMG_0159.JPG
IMG_0274.JPG
IMG_0275.JPG
IMG_0276.JPG
2e810e22-683f-4708-bd4c-dd945d5b00fb.jpg
IMG_0657.JPG
1e0fc581-8cad-4371-8afa-7588a2ea18f9.jpg
20400a95-6a1e-4bb1-9916-016628d404b9.jpg
IMG_4909 (1).jpg
IMG_1221.JPG
IMG_4771.jpg
IMG_4906.jpg
IMG_6557.jpg
IMG_5124.jpg
IMG_5744.jpg
IMG_7391.JPG
me v Bor.jpg
IMG_6585.jpg
IMG_6257.jpg
IMG_6456.jpg
IMG_6252.jpg
IMG_1512.jpg
8918da0b-75de-4fdb-89c4-515aac35033a.jpg
1bea3467-eaad-4dc8-8476-7f33b45812aa.jpg
IMG_5006.jpg
PHOTO-2023-12-11-22-31-38 2.jpg
IMG_1857.JPG
IMG_5341.jpg
IMG_6450.jpg
FB_IMG_15072158517005629.jpg
md book.jpg
IMG_1512.jpg
IMG_6464.jpg
IMG_6814.jpg
8918da0b-75de-4fdb-89c4-515aac35033a.jpg
IMG_2501_Original.jpg
IMG_3597.JPG
IMG_2418.JPG
IMG_6223.jpg
IMG_3128.jpg
196aaefb-7aa5-42b1-bd1b-deb10032282d.jpg
76418907-1646-4052-a00b-469f30a7f590.jpg
IMG_2627.jpg
IMG_3585 (1).JPG
IMG_0597.JPG
2 background.jpg
IMG_2188.JPG
IMG_7595.jpg
IMG_3793.JPG
IMG_1165.jpg
IMG_E7827.JPG
IMG_E7831.JPG
IMG_E7828.JPG

© 2025 by Dr. Bikaas Barooa / Dr. Bikash Baruah.

This site is developed by

bottom of page